Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ফিলিপীয়া 1:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 আৰু ইয়াকে মই দৃঢ় প্ৰত্যয় কৰি থাকিম বুলি জানিছোঁ; হয়, আৰু বিশ্বাসত আপোনালোকৰ বৃদ্ধি আৰু আনন্দ হ’বৰ বাবে আপোনালোক সকলোৰে লগত থাকিবলৈ পাম৷

অধ্যায়টো চাওক কপি কৰক




ফিলিপীয়া 1:25
17 পৰস্পৰ সংযোগসমূহ  

কিন্তু মই নিজেও সোনকালে আপোনালোকৰ ওচৰলৈ যাম বুলি প্ৰভুত বিশ্বাস কৰিছোঁ।


আমি যে আপোনালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ, এনে নহয়, কিন্তু আপোনালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো আপোনালোক বিশ্বাসত স্থিৰ হৈ আছে।


এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।


তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।


এতিয়া চাওক, যি সকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্রচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।


তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷


আৰু মই জানো যে, আপোনালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম।


কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰোঁ৷


তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”


তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷


কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰু তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।”


ঈশ্বৰে নিজৰ পবিত্র ঠাইত ক’লে, “মই উল্লাস কৰিম; মই চিখিম ভাগ বাঁটি দিম, আৰু চুক্কোতৰ উপত্যকা জুখি দিম।


কিন্তু এতিয়া আপোনালোকৰ কাৰণে শৰীৰত জীৱিত থকাই অধিক প্ৰয়োজন হৈছে।


কিন্তু সেই একে সময়তে, মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা; মই আশা কৰোঁ তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন