Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পৰম 5:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা? প্রিয়াৰ কথা:

অধ্যায়টো চাওক কপি কৰক




পৰম 5:9
11 পৰস্পৰ সংযোগসমূহ  

হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ। প্রিয়াৰ কথা:


তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।


কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।


হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)।


ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।


সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।


যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, তেতিয়া লোক সকলে পুণৰ উৎফুল্লিত হৈ কব ধৰিলে “এই জন কোন?”


হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন