Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




পৰম 3:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 তেওঁলোক সকলোৰে লগত আছে তৰোৱাল; যুদ্ধত তেওঁলোক সুদক্ষ; তৰোৱাল ককালত বান্ধি লৈ তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে।

অধ্যায়টো চাওক কপি কৰক




পৰম 3:8
13 পৰস্পৰ সংযোগসমূহ  

মুখ্য লোকসকলে যেতিয়া যিহূদাৰ লোকসকলৰ পাছফালে থিয় আছিল, তেতিয়াৰে পৰা মোৰ দাস সকলৰ মাজৰ আধা সংখ্যক লোকে কেৱল দেৱালৰ পুনৰ নিৰ্ম্মাণৰ কাম কৰিলে আৰু আধা সংখ্যক লোকে যাঠী, ঢাল, আৰু ধনু আৰু যুদ্ধৰ বস্ত্র পিন্ধি থাকিল।


দেৱাল নিৰ্ম্মাণ কৰোঁতা, আৰু ভাৰ বওঁতাসকলে প্রতিজনে এখন হাতেৰে কাম কৰিছিল, আৰু আন খন হাতেৰে অস্ত্ৰ ধৰিছিল।


হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।


তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা।


চোৱা, সৌৱা চলোমনৰ দোলা; ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে; তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য।


ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে, এটি দোলা নির্মাণ কৰিলে।


“মই যিহোৱাই তাৰ প্রতিপালক, মই প্ৰতি নিমিষতে তাত পানী দিওঁ; মই দিনে ৰাতিয়ে তাক পহৰা দিওঁ যাতে কোনোৱে তাক হানি নকৰে।


কিয়নো চোৱা, মই উত্তৰ দেশৰ পৰা বাবিলৰ অহিতে মহা জাতিবোৰৰ এক লোক সমূহক উচটাই আনিম, আৰু সিহঁতে তাৰ বিৰুদ্ধে বেহু পাতিব, তাতে তাক হাত কৰি লোৱা যাব; সিহঁতৰ কাঁড়বোৰ, বিফলে উলটি নহা নিপুন বীৰৰ কাঁড়বোৰৰ নিচিনা হ’ব।


এহূদে নিজৰ কাৰণে এখন এহাত দীঘল দুধৰীয়া তৰোৱাল গঢ়াই সোঁ কৰঙণত কাপোৰৰ তলত তাক বান্ধি ল’লে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন