8 মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।
তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
মোৰ জীৱন শত্রুবোৰৰ মাজত আছে, সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।
সুগন্ধি দ্রব্যৰ সলনি দুৰ্গন্ধ, আৰু টঙালিৰ সলনি ৰচি, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলা মূৰ, আৰু দীঘল পৰিধান বস্ত্ৰৰ সলনি চট কাপোৰ, আৰু সৌন্দৰ্যৰ সলনি পোৰা দাগ দিব।
কিয়নো এটা জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল, অসংখ্য প্ৰাণী থকা এক বলবান জাতি। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু সিংহীৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত।
এই বিষয়ে যিচয়া আগেয়ে কৈছিল, “বাহিনী সমূহৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হ’লে, আমি চদোমৰ নিচিনা হ’লোঁহেঁতেন আৰু ঘমোৰা নগৰৰ তুল্য হ’লোঁহেঁতেন।
সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়;
কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক।