Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




প্ৰকাশিত বাক্য 9:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;

অধ্যায়টো চাওক কপি কৰক




প্ৰকাশিত বাক্য 9:16
7 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব।


নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল!


মই তোমাক ওলোটাম, আৰু তোমাৰ জামুদাঁতৰ গুৰিত হাঁকোটা লগাম; আৰু তোমাক আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই সৈন্যসামন্তকে উলিয়াম; তেওঁলোক আটাইবোৰ সু-সজ্জিত, ফৰ আৰু ঢাল ধৰা মহাদল; তেওঁলোক আটাইবোৰ তৰোৱালধাৰী।


শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।


তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।


তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷


পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল:


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন