Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




প্ৰকাশিত বাক্য 22:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো।

অধ্যায়টো চাওক কপি কৰক




প্ৰকাশিত বাক্য 22:8
6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।”


অলপতে যি যি ঘটিবলগীয়া আছে, সেই বিষয়ে যীচু খ্ৰীষ্টে তেওঁৰ দাস সকলক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য৷ এই বাক্য তেওঁ দূতৰ যোগেদি যোহনক জনালে৷


পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷


তেতিয়া ৰজা নবূখদনেচৰে দানিয়েলৰ আগত উবুৰি হৈ পৰিল, আৰু সন্মান জনালে; আৰু তেওঁৰ উদ্দেশ্যে নৈবেদ্য যুগুত কৰি ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে।


কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, “উঠা; ময়ো মানুহহে৷”


যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন