Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




প্ৰকাশিত বাক্য 21:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 সেই বাৰটা দ্ৱাৰত বাৰটা মুকুতা আছিল, আৰু প্ৰত্যেকটো দ্ৱাৰে এটা এটা মুকুতাৰে সজা হৈছিল৷ নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল।

অধ্যায়টো চাওক কপি কৰক




প্ৰকাশিত বাক্য 21:21
10 পৰস্পৰ সংযোগসমূহ  

সেই গড়ৰ গাঁঠনি সূৰ্য্যকান্ত মণিৰ আৰু নগৰ খন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা।


সেই মহিলা গৰাকী বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণৰ বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণি-মুকুতাৰ অলঙ্কাৰ পৰিধান কৰা; তাইৰ হাতত ঘিণলগীয়া বস্তু আৰু তাইৰ ব্যভিচাৰৰূপ মলিৰে পৰিপূৰ্ণ এক পান-পাত্ৰ আছিল;


তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে।


তেওঁলোকে কব, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যি শণ সুতাৰ মিহি কাপোৰ পিন্ধা, বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ, বহুমুলীয়া মণি আৰু মুকুতাৰে অলঙ্কৃত হোৱা!”


সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।


সেই সিংহাসনৰ সন্মুখত এখন স্ফটিকৰ দৰে স্ৱচ্ছ সমুদ্ৰ আছিল। সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছিল, তেওঁলোকৰ আগফাল আৰু পাছফাল চকুৰেই পৰিপূৰ্ণ আছিল।


আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে, মোৰে সৈতে কথা হোৱা জনৰ সোণৰ নলৰ এডাল জোখ আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন