14 তোমাৰ প্ৰাণৰ অভিলাষিত ফলবোৰ তোমাৰ পৰা গুচি গ’ল৷ সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ’ল; সেইবোৰ কেতিয়াও পুনৰ নাপাবা।
কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে, মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে।
তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি, তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।
আৰু সেই ঠাইৰ নাম কিব্ৰোৎ-হত্তাবা [খঁকুৱা স্বভাৱৰ লোকসকলৰ মৈদাম] ৰখা হ’ল; কিয়নো সেই ঠাইত তেওঁলোকে খঁকুৱা স্বভাৱৰ লোকবোৰক মৈদাম দিলে।
তাৰ পাছত, তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোকসকলে খঁকুৱা স্বভাৱ কৰিবলৈ ধৰিলে আৰু ইস্ৰায়েলৰ সন্তান সকলে পুনৰায় কান্দি কান্দি ক’লে, “আমাক মঙহ খাবলৈ কোনে দিব?
তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰজাৰ ভৱনতহে থাকে।
কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘বোপা, তুমি জীৱনৰ আয়ুস কালত যেনেদৰে নিজক সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে লাজাৰে তাত দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷
এই সকলো ঘটনা আমালৈ আর্হি স্বৰূপ হ’ল; তেওঁলোকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ৷
আপোনালোকৰ যি নাই, তাকে পাব বিচাৰে কিন্তু নাপায়৷ তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু তেতিয়াও আপোনালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰ-পিত কৰে৷ আপোনালোকে যি বিচাৰে, সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে৷
ডালচেনি, মচলা, ধূপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আৰু ৰথ, বন্দী মানুহ আৰু মানুহৰ প্ৰাণ, এতিয়া কোনেও নিকিনে৷
এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ’ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দুৰৈত থিয় হৈ, ক্ৰন্দন আৰু শোক কৰিব৷