30 ভাই সকলে এই বিষয়ে জানিবলৈ পোৱাত তেওঁক চীজাৰিয়ালৈ নি তাৰ্চ নগৰলৈ পঠাই দিলে।
পাছত বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চ নগৰলৈ গ’ল৷
তেতিয়া প্ৰভুৱে তেওঁক কলে, “তুমি উঠা, পোন নামৰ আলিবাটেৰে যোৱা, আৰু যিহূদাৰ ঘৰলৈ গৈ তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তি জনৰ খবৰ লোৱা৷ তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷”
কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।
তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ’লো;
যি সকল লোকে পৌলক লগত লৈ গৈছিল, তেওঁলোকে তেওঁক আথিনী চহৰলৈ লৈ গ’ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চীল আৰু তীমথিয়ৰ কাৰণে এই আদেশলৈ আহিল যে, তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়।
সেই ৰাতিয়েই ভাই সকলে পৌল আৰু চীলক বিৰয়ালৈ পঠাই দিলে। সেই ঠাই পাই তেওঁলোক ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল।
তাৰ পাছত যীচু যেতিয়া চীজাৰিয়া-ফিলিপীৰ অঞ্চললৈ গ’ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে “মানুহৰ পুত্ৰ কোন” এই বিষয়ে লোক সকলে কি বুলি কয়?
যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।
সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,
তাত কেইবাজনো ভাই পালোঁ, তেওঁলোকে আমাক সাত দিন থাকিবলৈ নিমন্ত্ৰণ দিলে; এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ৷