Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




পাঁচনি 8:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 তেওঁ অপমানিত হোৱা কালত, ন্যায়-বিচাৰ কৰা নহ’ল, তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল।”

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 8:33
17 পৰস্পৰ সংযোগসমূহ  

যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,


কিয়নো ইয়োবে কৈছিল, যে,মই ধাৰ্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে;


মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।


ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব; ভাবীবংশৰ লোকসকলৰ ওচৰত যিহোৱাৰ বিষয়ে কোৱা হ’ব।


তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!


ভেঁটীৰ বাবে যি সকলে দুষ্টক নিৰ্দ্দোষী কৰে, আৰু নির্দ্দোষীক ধাৰ্মিকতাৰ পৰা বঞ্চিত কৰে।


তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব।


সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।


তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া মেৰ-ছাগ, আৰু যেনেকৈ নোম কাটোতাৰ আগত মেৰ-ছাগে নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে।


তেওঁক দমন নীতি আৰু বিচাৰৰ দ্বাৰাই দোষী কৰা হৈছিল; সেই প্রজন্মৰ পৰা কোনে তেওঁৰ বিষয়ে আৰু অধিক চিন্তা কৰিছিল? কিন্তু জীৱিতসকলৰ দেশৰ পৰা তেওঁক বিচ্ছেদ কৰা হৈছিল; আৰু মোৰ লোকসকলৰ দোষৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল।


বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।


সেই কাৰণে বিধান দুৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।”


“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।


এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, “অনুৰোধ কৰিছোঁ, ভাববাদীয়ে কাৰ বিষয়ে এই কথা কৈছে, ক’ব নে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন