46 দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে।
ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, ‘মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷’
তেতিয়া দায়ূদে সমিধান দি মীখলক ক’লে, “তোমাৰ পিতৃ আৰু তেওঁৰ সকলো বংশৰ ওপৰত যিহোৱাৰ প্ৰজা ইস্ৰায়েল লোকৰ অধ্যক্ষপদত মোক যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মনোনীত কৰিলে, সেই যিহোৱাৰ সাক্ষাতেই মই তাকেই কৰিলোঁ। এই হেতুকে মই সেই যিহোৱাৰ সাক্ষাতেই আমোদ কৰিম৷
যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহেমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”
যিহোৱাই দায়ুদৰ আগত নিশ্চিত ৰূপে এই শপত খালে, তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব; “তোমাৰ ঔৰসত জন্মা সন্তান সকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম।
চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।
কিন্তু এতিয়া তোমাৰ ৰাজত্ব স্থায়ী নহ’ব। যিহোৱাই এজন নিজৰ মনৰ মানুহ বিচাৰিব আৰু নিজৰ প্ৰজাসকলৰ ওপৰত তেওঁকেই অধিপতি নিযুক্ত কৰিব কাৰণ যিহোৱাই তোমাক যি আজ্ঞা কৰিছিল, তুমি সেয়া পালন নকৰিলা।”