Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 5:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতিপুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে মহা-পুৰোহিত আৰু তেওঁৰ সংগী সকলে আহি ইস্ৰায়েলী সকলৰ জেষ্ঠ লোকৰ এক মহাসভা মাতিলে আৰু পাঁচনি সকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 5:21
16 পৰস্পৰ সংযোগসমূহ  

অতি ৰাতিপুৱাতে তেওঁ পুণৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে।


কাৰণ যি যি দেখিলা, শুনিলা, সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ’বা৷


পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।


কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ’ল আৰু পাঁচনি সকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।


পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে, মহা-পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে,


কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল


পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”


পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে,


কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ ওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব।


যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।


এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন