7 তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে।
তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।”
কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।
তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে।
তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।
তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল।
“এই লোক সকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।
আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সোধ-বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?
তাতে তেওঁ টাবিথাক হাতত ধৰি তুলিলে; আৰু পবিত্ৰ লোক আৰু বিধৱা সকলক মাতি, তেওঁলোকৰ আগত জীয়াই উঠা দেখুৱালে।