Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 28:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 পাছত পৌলে দুবছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁৰ ওচৰলৈ আহিল, সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে৷

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 28:30
14 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।


তাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্ৱৰৰ ৰাজ্য আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্রচাৰ কৰি থাকিল৷


কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন, সেয়ে গোটেই প্ৰিটৰিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ’ল৷


তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।


যীচুৱে তেওঁলোকক ক’লে, “আহা, চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেইদিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল।


এই কার্য সম্পন্ন হোৱাত পৌলে মাকিদনিয়া আৰু আখায়া দেশেদি ফুৰি যিৰূচালেমলৈ যাবৰ বাবে মন কৰি ক’লে, ‘তালৈ যোৱাৰ পাছত মই ৰোম নগৰকো দেখা পাব লাগিব’।


কিন্তু দুবছৰৰ মূৰত পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে, তাতে ফীলিক্সে ইহুদী সকলৰ প্ৰিয়পাত্ৰ হবলৈ ইচ্ছা কৰি, তেওঁ পৌলক ৰখীয়াৰ অধীনত থৈ গ’ল৷


ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷


আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দেৰে গৈ, আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম৷


কোব, বন্দীশালত থকা, হুৰামুৰা, পৰিশ্ৰম, পৰ দিয়া, লঘোন,


তেখেত সকল খ্ৰীষ্টৰ দাস নে? হত বুদ্ধিৰ দৰে কৈছোঁ, মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত৷


বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল -


তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন