Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 28:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 পাছত তেওঁলোকে তেওঁলৈ এটা দিন নির্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বসতি কৰা ঠাইলৈ আহিল৷ তেওঁ মানুহবোৰৰ আগত ঈশ্ৱৰৰ ৰাজ্যৰ কথাৰ সাক্ষ্য প্ৰদান কৰিলে আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মোচিৰ বিধান-শাস্ত্ৰ আৰু ভাববাদীৰ পুস্তকৰ পৰা কথা উলিয়াই তেওঁলোকক প্ৰবৃত্তি দিলে৷

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 28:23
19 পৰস্পৰ সংযোগসমূহ  

পাছত পৌল নাম-ঘৰলৈ গ’ল আৰু সেই ঠাইত তিনি মাহ মান থাকি নিৰ্ভীক ভাবে প্ৰচাৰ কৰিলে; আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ-বিচাৰ কৰি লোক সকলক মনোনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে৷


কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে।


ঈশ্ৱৰে আমাৰ পূর্বপুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছোঁ ৷


তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে।


আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”


প্রত্যেক বিশ্রামবাৰে পৌলে নাম-ঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।


যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।


আৰু আমাৰ ভনী আপ্পিয়া, সহসেনা আর্খিপ্প আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীৰ প্রতি,


কিন্তু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে; অৱশ্যে নিজৰ শিষ্য সকলক ব্যক্তিগত ভাবে সকলো বিষয় ব্যাখ্যা কৰি বুজাই দিলে।


তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷


ক্রুচীয়‍ মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।


তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”


কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷


তাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্ৱৰৰ ৰাজ্য আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্রচাৰ কৰি থাকিল৷


কিন্তু সেই একে সময়তে, মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা; মই আশা কৰোঁ তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন