Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 28:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 পাছত তিন দিনৰ মূৰত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ ক’লে, “হে ভাইসকল, মই মোৰ জাতিৰ নাইবা পূর্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ ৰোমীয়া লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছিলো৷

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 28:17
11 পৰস্পৰ সংযোগসমূহ  

তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক’ব ধৰিলে, “ইহুদী সকলৰ বিধানৰ, বা মন্দিৰৰ, বা চীজাৰৰ বিৰুদ্ধ মই একো পাপ কৰা নাই।”


কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।”


পৌলে ক’লে, “মই চীজাৰৰ বিচাৰৰ আসনৰ আগত থিয় হৈ আছোঁ; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যে ইহুদীসকলৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালদৰে জানি আছে।


এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷


তাতে প্ৰধান পুৰোহিত সকলে আৰু ইহুদী সকলৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে দৃঢ়ভাৱে জনালে৷


পাছত তেওঁলোকে চীজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷


কিয়নো সত্য কথা কবলৈ হ’লে ইব্ৰীয়াবিলাকৰ দেশৰ পৰা মোক জোৰ কৰি অনা হৈছিল আৰু এই দেশতো মই এনে একো কার্য কৰা নাই যিহৰ কাৰণে তেওঁলোকে মোক এই কাৰাগাৰত ভৰাই থৈছে।”


কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন