44 আৰু বাকিবোৰে জাহাজৰ কাঠৰ পাট বা আন কোনো জাহাজৰ বস্তুৰ সহায় লৈ পাছে পাছে যাবলৈ কোৱাত, আমি সকলোৱে বামত উঠি ৰক্ষা পালোঁ৷
মই এক আজ্ঞা দিম, চালনীত যেনেকৈ শস্য চলা হয়, তেনেকৈ সকলো জাতিৰ মাজত মই ইস্রায়েল বংশক চালিম; কিন্তু শস্যৰ এটা ধানো মাটিত নপৰিব।
কিন্তু এতিয়াও মই আপোনালোকক উৎসাহ দিওঁ, অাপোনালোকে সাহস কৰক; কিয়নো আপোনালোকৰ মাজৰ কোনো জীৱৰে প্ৰাণ হানি নহব, মাত্ৰ জাহাজ খনৰহে ক্ষতি হ’ব৷
আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’
পৌলে এশৰ সেনাপতি আৰু সেনাবোৰক ক’লে, “যদিহে এইবোৰ মানুহ জাহাজত নাথাকে তেনেহলে আপোনালোকেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব৷”
আৰু যদি ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়, তেনেহলে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক’ত মুখ দেখুৱাব?