Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 26:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 তেতিয়া আগ্ৰিপ্পই পৌলক ক’লে, “তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷”

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 26:28
11 পৰস্পৰ সংযোগসমূহ  

আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ’ল৷


মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।


যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।


কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।


কিন্তু পৌলে ক’লে, “অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷”


তেওঁ ধাৰ্মিকতা, ইন্দ্ৰিয়-দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; “এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷”


তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।


কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।


হে ৰজা আগ্ৰিপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্বাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে৷”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন