14 তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান’;
ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম।
চোৱা! মই যিৰূচালেমক চাৰিওফালে থকা আটাই জাতিবোৰক ঢলংপলং হোৱা পান-পাত্ৰস্বৰূপ কৰিম আৰু যিৰূচালেমক অৱৰোধ কৰা সময়ত এয়ে যিহূদাৰ বিৰুদ্ধেও ঘটিব।
কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।
পাছত তেওঁক অনুমতি দিয়াত, পৌলে জখলাৰ ওপৰত থিয় হৈ, মানুহবোৰৰ সন্মূখত হাত দাঙি সম্ভাষণ জনালে; তাৰ পাছত লোক সমূহ অতি নিজম দি থাকিল আৰু তেওঁ ইব্ৰী ভাষাৰে তেওঁলোকক কবলৈ আৰম্ভ কৰিলে,
যেতিয়া লোকসকলে ইব্ৰী ভাষাৰে কথা কোৱা শুনিলে, তেতিয়া তেওঁলোক নিমাত হ’ল৷ তেওঁ কলে,
হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
তেতিয়া মই সুধিলো, ‘হে প্ৰভু, আপুনি কোন?’ তেতিয়া প্ৰভুৱে ক’লে, ‘যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷
তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল।
নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?