17 এতিয়া কিছু বছৰৰ মূৰত মই নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবেদ্য উৎসর্গ কৰিবলৈ আহিছিলো।
কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।
এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উৎসৰ্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।
আৰু পৌলে তেওঁক ধন দিব বুলি তেওঁ আশা কৰি, ঘনে ঘনে তেওঁক মতাই কথোপকথন কৰিলে।
যাতে যিহুদীয়াত থকা আজ্ঞা নমনা সকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু যিৰূচালেমলৈ মোৰ যি পৰিচৰ্যা, সেয়ে পবিত্ৰ লোক সকলৰ আগত যেন গ্ৰহণীয় হয়৷
সেই বাবে আমি তীতক উৎসাহিত কৰিলোঁ, কিয়নো যেনেকৈ তেওঁ আগেয়ে আপোনালোকৰ লগত কার্য আৰম্ভ কৰিছিল, তেনেদৰেই আপোনালোকক সেই অনুগ্ৰহতো যেন পৰিপূৰ্ণ কৰে৷
কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷
তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো। অৱশ্যে, এই কার্য কৰিবলৈ ময়ো যত্নবান আছিলোঁ।