Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 23:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহাসভালৈ এওঁক নিয়াও হৈছিল৷

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 23:28
4 পৰস্পৰ সংযোগসমূহ  

পাছদিনা ইহুদী সকলে পৌলক কি অপবাদ দিছিল, হাজাৰৰ সেনাপতিয়ে তাৰ নিশ্চয়তা জানিব বিচাৰিলে৷ গতিকে তেওঁক বান্ধোনৰ পৰা মুকলি কৰি দিলে আৰু প্ৰধান পুৰোহিত সকল আৰু মহাসভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে৷ পাছত তেওঁ পৌলক নমাই আনি তেওঁলোকৰ মাজত উপস্থিত কৰালে৷


কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ ওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব।


পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”


তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন