Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 22:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 আৰু তোমাৰ সাক্ষী স্তিফানৰ ৰক্তপাতৰ সময়ত, ময়ো নিজে ওচৰত থিয় হৈ সন্মতি দি, তেওঁক বধ কৰা সকলৰ কাপোৰ ৰাখিছিলোঁ৷’

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 22:20
8 পৰস্পৰ সংযোগসমূহ  

স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।


পাছত তেওঁক ধৰি নগৰৰ বাহিৰলৈ উলিয়াই আনি শিল দলিয়াবলৈ ধৰিলে। সাক্ষীবোৰে নিজৰ নিজৰ কাপোৰবোৰ চৌল নামৰ এজন ডেকাৰ ভৰিৰ কাষত থলে।


মই জানো তুমি ক’ত নিবাস কৰিছা; য’ত চয়তানৰ সিংহাসন আছে, তুমি তাতে নিবাস কৰিছা৷ তথাপি তুমি মোৰ নাম নিবিড় ভাবে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত তেতিয়া চয়তানে নিবাস কৰিছিল৷ যিদিনা মোৰ সাক্ষী আন্তিপাক বধ কৰা হৈছিল, সেইদিনা মোৰ বিশ্বাসযোগ্য আছিলা।


আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।


সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।


আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷


সেয়েহে ইয়াত আপোনালোক সাক্ষী হৈছে আৰু নিজ পূর্বপুৰুষ সকলৰ কর্মত সন্মতিও জনাইছে, কিয়নো তেখেত সকলে প্ৰকৃততে ভাববাদী সকলক বধ কৰিছিল, সেই কাৰণে এতিয়া আপোনালোকে মৈদাম সাজিছে।


তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে - স্তিফান, তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল; ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন