Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 21:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 পাছদিনা পৌল আমাৰ সৈতে যাকোবৰ তাত সোমোৱাত পৰিচাৰক সকলো তাত উপস্থিত হ’ল।

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 21:18
12 পৰস্পৰ সংযোগসমূহ  

তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।


যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;


তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত যাকোবে কবলৈ আৰম্ভ কৰিলে, “ভাই সকল, মোৰ কথা শুনক।


পাছত সেইদৰে কাৰ্য কৰি, বাৰ্ণব্বা আৰু চৌলৰ হাতত পৰিচাৰক সকললৈ ধন পঠিয়াই দিলে৷


মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।


পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।


তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।


পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।


পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।


পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷


সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন,


কাৰণ অনুসন্ধান কৰিলে আপুনি জানিব পাৰিব যে, মই ভজনা কৰিবলৈ যিৰূচালেমলৈ যোৱা আজি বাৰ দিন মাথোন হৈছে;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন