Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




পাঁচনি 21:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 তাতে চীজাৰিয়াৰ পৰাও কিছুমান শিষ্য আমাৰ লগত আহিল৷ ম্লাচোন নামেৰে কুপ্র দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁকো লগত লৈ অহা হ’ল।

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 21:16
15 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;


পকা চুলি গৌৰৱৰ মুকুট। সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়।


তাৰ পাছদিনা তেওঁলোকে চীজাৰিয়ালৈ আহিল৷ কৰ্ণীলিয়ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধু সকলক গোট খুৱাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল৷


তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷


ইতিপূৰ্বে যিবোৰ মানুহে স্তিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে ফুৰি, ইহুদী লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে৷


তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মাৰ্কক লগত লৈ জাহাজেৰে কুপ্ৰ দ্বীপলৈ যাত্রা কৰিলে।


বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷


পাছদিনা আমি তাৰ পৰা ওলাই গৈ, চীজাৰিয়া পালোঁ৷ তাতে সাত জনৰ মাজৰ শুভবার্তা প্ৰচাৰক যি ফিলিপ, তেওঁৰ ঘৰত থাকিলোঁ।


যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনি সকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”।।


কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।


মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাঁচনি সকলৰ মাজত প্ৰসিদ্ধ হোৱা, মোতকৈয়ো আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা, যি আন্দ্ৰনিক আৰু যুনিয়, তেওঁলোকক মঙ্গলবাদ দিব।


তথাপি মই তোমাক, তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন