14 তাতে পৌলে আমাৰ কথা গ্রহণ কৰিবলৈ নিবিচৰাত, আমি ক্ষান্ত হলোঁ আৰু কলোঁ, “প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।”
সেই লোক জনে তোমালোকক যেন দয়া কৰে, সৰ্ব্বশক্তিমান ঈশ্বৰে ইয়াকে কৰক আৰু তোমালোকৰ আনজন ভাই চিমিয়োন আৰু বিন্যামীনক তোমালোকলৈ এৰি দিয়ে। মই যদি পুত্রহীনৰ শোক ভুগিব লগাই হয়, তেন্তে তেনেকৈয়ে থাকিম।”
হিষ্কিয়াই তেতিয়া যিচয়াক ক’লে, “আপুনি যিহোৱাৰ যি কথা ক’লে, সেয়ে উত্তম।” তেওঁ এই কথা ক’লে, কাৰণ তেওঁ ভাৱিছিল, “মোৰ জীৱন কালত শান্তি আৰু নিৰাপদ হ’লে, সেয়ে জানো উত্তম নহ’ব?”
পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
পুনৰায় তেওঁ দ্বিতীয় বাৰ গৈ, প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দূখৰ পান-পাত্ৰ দুৰ হ’ব নোৱাৰে, তেনেহলে তোমাৰ ইচ্ছাই পুৰ হওক”।
তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে ক’বা, ‘হে পিতৃ, তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক;
“হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।”
যেতিয়া নয়মীয়ে দেখিলে যে, ৰূথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ, তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে।
তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”