7 পাছত, তেওঁ তাৰ পৰা গৈ ঈশ্বৰৰ উপাসনা কৰা তীত-যুষ্ট নামেৰে এজনৰ ঘৰত উপস্থিত হ’ল৷ তেওঁৰ ঘৰ নাম-ঘৰৰ কাষতে আছিল।
সেই মহিলা সকলৰ মাজত থুয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে।
আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে; এওঁলোক চুন্নৎ হোৱা লোক আৰু কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হ’ল।
তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।
পাছত পৌল আৰু বাৰ্ণব্বা ওলাই যাবলৈ ধৰোতে, মানুহবোৰে নিবেদন কৰি ক’লে, “অহা বিশ্ৰাম-বাৰতো এইদৰে প্ৰচাৰ কৰা হওক৷”
তেওঁলোকে কলে, “কৰ্ণীলিয় নামেৰে ধাৰ্মিক আৰু ঈশ্বৰক উপাসনা কৰা আৰু গোটেই ইহুদী জাতিৰ আগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি, আপোনাৰ পৰা কথা শুনিবলৈ স্বৰ্গৰ পবিত্ৰ দূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পাইছে৷”
তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
আমি জানো যে, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে; কিন্তু যি জনে ঈশ্বৰৰ আৰাধনা কৰে আৰু তেওঁৰ ইচ্ছা পালন কৰে সেই জনৰ কথা, ঈশ্বৰে শুনে৷
তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷
কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে।