Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




পাঁচনি 13:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীন ফৈদৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 13:21
8 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?


তাতে সকলো লোক গিলগললৈ গৈ সেই গিলগলতে যিহোৱাৰ সাক্ষাতে চৌলক ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে; সেই ঠাইতে চৌল আৰু ইস্ৰায়েলৰ সকলো লোক আনন্দত উল্লাসিত হ’ল।


চমূৱেলে চৌলক ক’লে, “যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰজা হ’বৰ অৰ্থে তোমাক অভিষেক কৰিবলৈ মোক পঠাইছিল; এই হেতুকে এতিয়া তুমি যিহোৱাৰ বাক্য শুনা।


তেওঁলোকে চমূৱেলক ক’লে, “চাওক, আপুনি বৃদ্ধ হৈছে, আৰু আপোনাৰ পুত্ৰসকল আপোনাৰ পথত চলা নাই, সেয়েহে অন্যান্য দেশৰ দৰে আমাৰো বিচাৰ কৰিবলৈ আপুনি আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰি দিয়ক।”


সেই সময়ত বিন্যামীন ফৈদত এজন প্ৰভাৱশালী ব্যক্তি আছিল, তেওঁৰ নাম আছিল কীচ, তেওঁ অবীয়েলৰ পুত্ৰ, অবীয়েল জেৰৰ পুত্ৰ, জেৰৰ বখোৰতৰ পুত্ৰ, বাখোৰত আফিয়াৰ পুত্ৰ আছিল, এওঁলোক বিন্যামীন ফৈদৰ লোক আছিল।


চৌল আহি পোৱাৰ আগদিনা, যিহোৱাই চমূৱেলৰ আগত এই কথা প্ৰকাশ কৰিলে:


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন