Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 10:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 তেতিয়া পিতৰে যি দৰ্শন দেখিলে; সেই দৰ্শনৰ অৰ্থ কি হ’ব পাৰে ইয়াকে চিন্তা কৰি থাকোতেই, কৰ্ণীলিয়ই পঠোৱা মানুহ কেইজনে সুধি সুধি চিমোনৰ ঘৰলৈ আহি দুৱাৰমুখত থিয় হ’ল,

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 10:17
9 পৰস্পৰ সংযোগসমূহ  

কেনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিবলগীয়া আছিল, সেই বিষয়ে তেখেত সকলে অনুসন্ধান কৰি জানিব বিচাৰিছিল৷ এই বিষয়ে খ্ৰীষ্টৰ আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল৷ খ্ৰীষ্টৰ প্ৰতি ঘটিবলগীয়া দুখভোগ আৰু পাছত তেওঁলৈ আহিবলগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেখেত সকলক আগতীয়াকৈ কৈছিল৷


তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলো, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে?


এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত “হে কৰ্ণীলিয়!” বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷


তাৰ পাছত পিতৰে যাফোত, চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত বহু দিন থাকিল।


এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্ৰধান পুৰোহিত সকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল।


তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱা-কুই কৰি ক’লে, “এই সকলোবোৰৰ অৰ্থ কি?”


যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ কাৰণে মই যি কৰিলোঁ, সেই বিষয়ে তোমালোকে বুজিলা নে?


সেই সময়ত দম্মেচক নগৰত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, “হে অননিয়।” তেওঁ ক’লে, “হে প্ৰভু, চাওক, মই আছোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন