নহি 9:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201910 আপুনি ফৰৌণক, তেওঁৰ সকলো দাসক, আৰু তেওঁৰ দেশৰ সকলো প্ৰজাবোৰক চিন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল; কাৰণ মিচৰীয়াসকলে তেওঁলোকৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰা কথা আপুনি জানিছিল। কিন্তু আপুনি নিজৰ নাম স্থাপন কৰিলে, যি আজিও একেদৰে আছে। অধ্যায়টো চাওক |
আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।
স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।