Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 8:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 আপোনালোকে ইয়াত লিখাৰ দৰে যিৰূচালেমত আৰু তেওঁলোকৰ সকলো নগৰত এই কথা ঘোষণা কৰি ক’ব লাগে যে, “অস্থায়ী আশ্ৰয় গৃহ সাজিবৰ কাৰণে পৰ্ব্বতলৈ গৈ জলফাই গছ, বনৰীয়া জিত গছ আৰু মেন্দি গছৰ ডাল, খাজুৰ পাত আৰু ছাঁ দিয়া গছৰ পাত আনক।”

অধ্যায়টো চাওক কপি কৰক




নহি 8:15
9 পৰস্পৰ সংযোগসমূহ  

আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।


ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।


যিহোৱাৰ যিবোৰ পৰ্ব্ব, যিবোৰ পবিত্ৰ সভা তোমালোকে নিজ নিজ নিৰূপিত সময়ত ঘোষণা কৰিবা, সেইবোৰ এই।


এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল;


তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”


যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ বৈৎফগী গাওঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,


সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জিতগছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে।


“মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন