Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 6:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 তেতিয়া চনবল্লট আৰু গেচমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “আহাঁ, আমি ওনো সমথলৰ কোনো এখন ঠাইত ল’গ হ’বলৈ গোট খাওহঁক।” কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




নহি 6:2
15 পৰস্পৰ সংযোগসমূহ  

দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।


ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,


লোদ, ওনো, আৰু শিল্প-কৰ্ম কৰা সকলৰ উপত্যকাত বাস কৰিছিল।


তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।


পাছত নথনিয়াৰ পুতেক ইশ্মায়েল আৰু তেওঁৰ লগত থকা সেই দহজন লোকে উঠি, বাবিলৰ ৰজাই দেশৰ শাসনকৰ্ত্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে।


তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।


দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, তেওঁলোকক বধ কৰিবলৈ বিচাৰে।


মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।


তেতিয়া যোৱাবে অমাচাক ক’লে, “হে মোৰ ভাই, তুমি মঙ্গলে আছা নে?” এইবুলি যোৱাবে সাদৰেৰে তেওঁৰ সোঁ হাতেৰে অমাচাৰ ডাঢ়িত ধৰি তেওঁক চুমা খাবলৈ ল’লে৷


যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।


মই তেওঁলোকলৈ বাৰ্ত্তাবাহকক কৈ পঠিয়ালোঁ, “মই এটা ডাঙৰ কাম কৰি আছোঁ, আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম?”


তেওঁৰ পাছত যিৰূচালেমৰ চাৰিও সীমাৰ পৰা অহা লোকসকল আৰু পুৰোহিতসকলে মেৰামতি কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন