Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 6:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 তাতে যিহূদাৰ অনেক লোকে তেওঁৰ পক্ষে শপত খাইছিল; সেই বাবে তেওঁলোক বাধ্যত পৰিছিল। কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোঁৱায়েক আছিল। তেওঁৰ পুত্ৰ যিহোহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল।

অধ্যায়টো চাওক কপি কৰক




নহি 6:18
7 পৰস্পৰ সংযোগসমূহ  

আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন,


আৰহৰ বংশধৰ ছশ বাৱন্ন জন।


তেওঁৰ পাছত চেলেমিয়াৰ পুত্ৰ হননিয়া আৰু চালফৰ ষষ্ঠ পুত্ৰ হানুনে আন এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত বেৰেখিয়াৰ পুত্ৰ মচুল্লমে নিজৰ কোঁঠালিৰ বিপৰীতে মেৰামতি কৰিলে।


মৰেমোতে তাৰ পাছৰ অংশ মেৰামতি কৰিলে। তেওঁ উৰিয়াৰ পুত্ৰ আছিল আৰু উৰিয়া হক্কোচৰ পুত্র আছিল। তেওঁলোকৰ পাছত মচুল্লমে মেৰামতি কৰিলে। তেওঁ বেৰেখিয়াৰ পুত্ৰ আৰু বেৰেখিয়া মচেজবেলৰ পুত্র আছিল। তেওঁৰ পাছত চাদোকে মেৰামতি কৰিলে। তেওঁ বানাৰ পুত্ৰ।


হননিয়াৰ বংশধৰ সকল পলটিয়া, যিচয়া আৰু ৰফায়াৰ সন্তান সকল হ’ল অৰ্ণনৰ, ওবদিয়াৰ, আৰু চখনিয়া।


সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।


তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্য্যৰ কথা কৈছিল, আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টোবিয়াই চিঠি পঠিয়াইছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন