18 দেৱাল নিৰ্ম্মাণ কৰোঁতা প্ৰতিজনে কাষত তৰোৱাল লৈছিল আৰু সেইদৰেই কাম কৰিছিল। যি জনে তূৰী বজাইছিল তেওঁ মোৰ ওচৰত থিয় হৈছিল।
আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।
সেয়ে মই দেৱালৰ তলভাগৰ মুকলি অংশত স্থিতি ললোঁ। মই প্রতি পৰিয়ালক নিজৰ নিজৰ স্থান দিলোঁ। তেওঁলোকৰ তৰোৱাল, যাঠী, আৰু ধনু আছিল।
দেৱাল নিৰ্ম্মাণ কৰোঁতা, আৰু ভাৰ বওঁতাসকলে প্রতিজনে এখন হাতেৰে কাম কৰিছিল, আৰু আন খন হাতেৰে অস্ত্ৰ ধৰিছিল।
মই প্ৰধান লোকসকলক, কৰ্মচাৰী সকলক, আৰু অৱশিষ্ট লোকসকলক ক’লোঁ, “এই কৰ্ম বৃহৎ আৰু বিস্তৃত, আৰু আমি দেৱালৰ ওপৰত ইজনে সিজনৰ পৰা দুৰত থাকি পৃথকে আছোঁ।
তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি শিঙা বজাই লোকসকলক সতৰ্ক কৰে!