14 তাৰ পাছত মই ভুমুক-দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ’লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল।
মিস্পা জিলাৰ শাসনকৰ্তা কল-হোজিৰ পুত্ৰ চল্লুনে ভুমুক-দুৱাৰ পুনৰ সাজিলে। তেওঁ তাক সাজি তাৰ ওপৰত ঢাকনি দিলে, আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে। তেওঁ যি খটখটিয়েদি দায়ুদৰ নগৰৰ পৰা নামি আহে, তাৰ পৰা ৰজাৰ বাৰীৰ ওচৰত থকা চেলোহ পুখুৰীলৈকে দেৱাল সাজিলে।
হিষ্কিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰমৰ কথা আৰু তেওঁ কেনেকৈ পুখুৰী আৰু নলা কৰি নগৰলৈ পানী আনিছিল, এই সকলো জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
এই হিষ্কিয়াই ওপৰৰ ফালে থকা গীহোন ভুমুকৰ মুখ বন্ধ কৰি পোনে পোনে দায়ুদৰ নগৰৰ পশ্চিম ফালেদি সেই পানী নমাই আনিছিল৷ হিষ্কিয়াই তেওঁৰ সকলো কাৰ্যত কৃতকাৰ্য হ’ল।
তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।
তেওঁলোকে ভুমুক-দুৱাৰ হৈ দায়ূদৰ নগৰৰ খটখটিয়েদি দেৱাললৈ উঠি দায়ুদৰ ৰাজপ্রসাদ পাৰ হৈ পূব দিশৰ জল-দুৱাৰলৈকে গ’ল।
গছ উৎপন্ন হোৱা বাৰীত পানী দিবলৈ মই ঠায়ে ঠায়ে পুখুৰী খান্দিলোঁ;
বৈৎ-চুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই দায়ুদৰ মৈদামবোৰৰ ঠাইৰ পৰা, মানুহে খনা পুখুৰীলৈকে, আৰু বীৰপুৰুষ সকলৰ ঘৰলৈকে মেৰামতি কৰিলে।