নহি 13:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201922 তাৰ পাছত বিশ্ৰামবাৰ পবিত্র কৰিবলৈ লেবীয়া সকল নিজকে নিজে শুচি কৰি আহি দুৱাৰবোৰ ৰখিবলৈ মই আদেশ দিলোঁ। হে মোৰ ঈশ্বৰ, এই বিষয়তো মোক সোঁৱৰণ কৰক; মোক দয়া কৰক আৰু আপোনাৰ নিয়ম অনুসাৰে মোলৈ কৃপা কৰক। অধ্যায়টো চাওক |
ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।