14 হে মোৰ ঈশ্বৰ, এই বিষয়ে মোক সোঁৱৰণ কৰক; আৰু মোৰ ঈশ্বৰৰ গৃহৰ অৰ্থে কৰা উত্তম কাৰ্যবোৰ মচি নেপেলাব।
কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
নিৰূপিত সময়ত খৰি আৰু ফলৰ আগ ভাগ দান দিলোঁ। হে মোৰ ঈশ্বৰ, মঙ্গলৰ অৰ্থে মোক সোঁৱৰণ কৰক।
তাৰ পাছত বিশ্ৰামবাৰ পবিত্র কৰিবলৈ লেবীয়া সকল নিজকে নিজে শুচি কৰি আহি দুৱাৰবোৰ ৰখিবলৈ মই আদেশ দিলোঁ। হে মোৰ ঈশ্বৰ, এই বিষয়তো মোক সোঁৱৰণ কৰক; মোক দয়া কৰক আৰু আপোনাৰ নিয়ম অনুসাৰে মোলৈ কৃপা কৰক।
তাৰ বাহিৰে আপোনাৰ ঈশ্বৰৰ গৃহৰ কাৰণে যি প্রয়োজনীয় বাকী থাকিব, সেইবোৰ মোৰ ৰাজভঁৰালৰ পৰা খৰচ কৰি কিনি ল’ব।
হে মোৰ ঈশ্বৰ, এই লোকসকলৰ অৰ্থে মই যিবোৰ কাম কৰিলোঁ, তাৰ বাবে মোক সোঁৱৰণ কৰক।
তেওঁলোকে তেওঁক দায়ূদৰ নগৰত ৰজাসকলৰ লগত মৈদাম দিলে; কিয়নো তেওঁ ইস্ৰায়েলৰ মাজত আৰু ঈশ্বৰৰ সম্পৰ্কে ও ঈশ্বৰৰ গৃহৰ সম্পৰ্কে মঙ্গলজনক কাৰ্য কৰিছিল৷
মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।
আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম।
আমি তেওঁলোকক জনাইছোঁ যে, পুৰোহিত, লেবীয়া, বাদ্যকৰ, দুৱৰী, বা মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাসবোৰৰ মাজৰ কাৰো ওপৰতেই কোনো প্রকাৰৰ কৰ-কাটল ধাৰ্য্য কৰা নহ’ব’।
“হে যিহোৱা, মিনতি কৰিছোঁ, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; আপোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।” এইবুলি হিষ্কিয়াই বৰকৈ কান্দিবলৈ ধৰিলে।
তেওঁ ক’লে, “হে যিহোৱা বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে আপোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ, আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক আপুনি এতিয়া সোঁৱৰণ কৰক; এই বুলি হিষ্কিয়াই বৰকৈ কান্দিলে।