Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 12:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

35 তুৰীয়ে সৈতে পুৰোহিতৰ পুত্র সকলৰ কিছুমান লোক, আৰু আচফৰ বংশৰ জক্কুৰৰ পুত্র মীখায়া, মীখায়াৰ পুত্র মত্তনীয়া, মত্তনিয়াৰ পুত্র চময়িয়া, চময়িয়াৰ পুত্ৰ যোনাথন, আৰু যোনাথনৰ পুত্ৰ জখৰিয়া আছিল।

অধ্যায়টো চাওক কপি কৰক




নহি 12:35
10 পৰস্পৰ সংযোগসমূহ  

আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা।


মীখাৰ পুত্ৰ আছিল মত্তনিয়া। মীখা আছিল জব্দীৰ পুত্র, জব্দী ধন্যবাদ প্ৰাৰ্থনাৰ নেতৃত্ব লোৱা পৰিচালক আছিল, তেওঁ আচফৰ বংশৰ; আৰু বকবুকিয়া তেওঁৰ সহযোগী সকলৰ মাজত দ্ৱিতীয় আছিল আৰু চম্মুৱাৰ পুত্র অব্দা। চম্মুৱা আছিল গাললৰ পুত্র। গালল আছিল যিদূথূনৰ পুত্র।


আৰু চোৱা, ঈশ্বৰ আমাৰ সঙ্গী হৈ আমাৰ আগত যাওঁতা হৈছে; আৰু তেওঁৰ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তূৰীও আছে। হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য্য নহ’বা৷


আৰু যি লেবীয়াসকলৰ গায়ক আছিল, তেওঁলোক অৰ্থাৎ আচফ, হেমন, যিদূথূন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি শণ সূতাৰ বস্ত্ৰ পিন্ধি, হাতত তাল, নেবল আৰু বীণা লৈ, যজ্ঞবেদীৰ পূব ফালে থিয় হৈ আছিল৷ তেওঁলোকৰ লগত এশ বিশ জন পুৰোহিতে থাকি তুৰী বজাই আছিল।


আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।


যিহূদা, বিন্যামীন, চময়িয়া, আৰু যিৰিমিয়া গ’ল।


ইয়াত জখৰিয়াৰ সম্পৰ্কীয় সকলো আছিল। তেওঁলোক চময়িয়া, অজৰেল, মিললয়, গিললয়, মাৱয়, নথনেল, যিহূদা, আৰু হাননী ঈশ্বৰৰ লোক দায়ুদৰ বাদ্য যন্ত্ৰ বজাইছিল। অধ্যাপক ইজ্ৰা তেওঁলোকৰ সন্মুখত আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন