16 লেবীয়া সকলৰ মূখ্য লোকসকলৰ পৰা চবথয় আৰু যোজাবদ আছিল, আৰু তেওঁলোক ঈশ্বৰৰ গৃহৰ বাহিৰৰ কামৰ দায়িত্বত আছিল।
আৰু যেচুৱা, বানী, চেৰেবিয়া, যামীন, অক্কুব, চবথয়, হোদিয়া, মাচেয়া, কলীটা, অজৰিয়া, যোজাবদ, হানন, পলায়া, আৰু লেবীয়াসকলে, নিজ নিজ ঠাইত থিয় হৈ থকা লোকসকলক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজিবলৈ সহায় কৰিলে।
চতুৰ্থ দিনা সেই ৰূপ, সোণ, আৰু বস্তুবোৰ জুখি আমাৰ ঈশ্বৰৰ গৃহত উৰিয়াৰ পুত্ৰ মৰেমোৎ পুৰোহিতৰ হাতত গতাই দিলোঁ। তেওঁৰ লগত পীনহচৰ পুত্ৰ ইলিয়াজৰ আছিল, যেচুৱাৰ পুত্ৰ যোজাবদ আৰু বিন্নইৰ পুত্ৰ নোৱদিয়া, এওঁলোক লেবীয়া আছিল।
যিচহৰীয়াৰ বংশধৰ সকলৰ, কননিয়া আৰু তেওঁৰ পুত্ৰসকলক ইস্ৰায়েলৰ সমাজৰ কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তাৰ কাৰ্যৰ বাবে নিযুক্ত কৰে।
লেবীয়াসকলৰ ভিতৰত, অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল।
আৰু লেবীয়া সকলৰ পৰা: বুন্নীৰ পুত্র হচবিয়া, হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্চুৰ, হচ্চুৰৰ পুত্ৰ চময়া আছিল।
মীখাৰ পুত্ৰ আছিল মত্তনিয়া। মীখা আছিল জব্দীৰ পুত্র, জব্দী ধন্যবাদ প্ৰাৰ্থনাৰ নেতৃত্ব লোৱা পৰিচালক আছিল, তেওঁ আচফৰ বংশৰ; আৰু বকবুকিয়া তেওঁৰ সহযোগী সকলৰ মাজত দ্ৱিতীয় আছিল আৰু চম্মুৱাৰ পুত্র অব্দা। চম্মুৱা আছিল গাললৰ পুত্র। গালল আছিল যিদূথূনৰ পুত্র।
এই প্ৰস্তাব অচাহেলৰ পুত্ৰ যোনাথন আৰু তিকবাৰ পুত্ৰ যহজিয়াই বিৰোধিতা কৰিলে, আৰু মচুল্লম আৰু লেবীয়া চবথয়ে তেওঁলোকক সমৰ্থন কৰিলে।