নহি 10:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201929 তেওঁলোকৰ ভাইসকল আৰু প্ৰধান লোকসকলৰ সৈতে তেওঁলোক একেলগ হৈ ঈশ্ৱৰৰ দাস মোচিয়ে দিয়া শাও আৰু প্রতিজ্ঞাৰ যোগেদি বাধ্যত পৰি ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে চলিলে। আমাৰ যিহোৱাৰ আজ্ঞা, শাসন প্ৰণালী, আৰু বিধিবোৰ নিৰিক্ষণ কৰি পালন কৰিবলৈ প্রতিজ্ঞাৱদ্ধ হ’ল। অধ্যায়টো চাওক |
এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপোনাৰ দাস মোৰ পিতৃ দায়ূদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপোনাৰ এই দাসলৈ পালন কৰক কিয়নো আপুনি কৈছিল বোলে, ‘তুমি মোৰ আগত যেনেকৈ চলিলা, তেনেদৰে তোমাৰ সন্তান সকলেও যদি এইদৰে মোৰ ব্যৱস্থাত চলিবলৈ নিজ নিজ পথত সাৱধান হৈ থাকে, তেনেহ’লে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব৷’