21 মই আপোনালোকৰ পাপ, অৰ্থাৎ আপোনালোকে নিৰ্ম্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধুলিৰ নিচিনাকৈ গুড়ি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধুলিবোৰ পেলাই দিছিলোঁ।
আৰু তেওঁৰ আইতাক মাখাই আচেৰা মূৰ্ত্তিৰ এটা ঘিণলগীয়া মূৰ্ত্তি স্থাপন কৰাৰ বাবে, আচাই তেওঁক ৰাজ-মা পদৰ পৰা আতৰাই পঠিয়ালে। আচাই সেই ঘিণলগীয়া মূৰ্ত্তিটো কাটিলে, আৰু তাক কিদ্ৰোণ উপত্যকাত পুৰি পেলালে।
তেওঁ যজ্ঞবেদিবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা-প্ৰতিমাবোৰ গুড়ি কৰিলে আৰু ইস্ৰায়েল দেশৰ সকলো ঠাইৰ আটাইবোৰ সূৰ্য্য-প্ৰতিমাবোৰ কাটি পেলালে৷ তাৰ পাছত যিৰূচালেমলৈ উলটি আহিল।
লোকসকলে নিৰ্মাণ কৰা দামুৰিটো লৈ জুইত পুৰি দিলে। পুৰা দামুৰিটোক পিহি ধূলিৰ নিচিনা কৰি পানীত মিহলাই ইস্ৰায়েলী লোকসকলক পান কৰালে।
তোমালোকে নিজৰ কটা-মূৰ্ত্তিত মৰা ৰূপৰ আৰু সোনৰ পতা অশুচি কৰিবা, তোমালোকে তাক অশুচি বস্তু দৰে পেলাই দি ক’বা, “ইয়াৰ পৰা দূৰ হোৱা।”
কাৰণ সেই দিনা তোমালোক প্ৰতিজনে পাপেৰে সৈতে নিজৰ হাতেৰে নির্মাণ কৰা ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাই দিবা।
পাপৰ প্রায়শ্চিত্ত কৰিবৰ কাৰণে ইফ্ৰয়িমে অনেক যজ্ঞ-বেদী সাজিলে; কিন্তু সেইবোৰ পাপ কৰাৰ যজ্ঞ-বেদী হ’ল।
তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব, আৰু তেওঁৰ সকলো উপহাৰ জুইৰে পোৰা যাব। তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম; কাৰণ তেওঁ বেশ্যাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল, আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে, তেওঁলোকে ঘূৰাই দিব।”
ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।