Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 9:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 9:15
7 পৰস্পৰ সংযোগসমূহ  

যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।


সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা আপোনালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিল, তেতিয়া আপোনালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোকসকল মোৰ ওচৰলৈ আহিছিল


সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।


কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই;


মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে।


তাৰ পাছত মই দেখিলোঁ, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অর্থে আপোনালোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰিলে; যিহোৱাই আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল, মুহূর্ততে আপোনালোকে সেই পথৰ পৰা আঁতৰি গৈছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন