দ্বি.বি. 9:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201912 যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।” অধ্যায়টো চাওক |
কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”
কিন্তু ইস্রায়েলীয়াসকলে বিচাৰকৰ্ত্তাসকলৰ কথাত কাণ নিদিলে; কিয়নো তেওঁলোক যিহোৱাৰ প্রতি বিশ্বাসী নাছিল আৰু আন আন দেৱ-দেৱীৰ ওচৰত নিজকে বেচি ব্যভিচাৰ কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিছিল; তেওঁলোকৰ ওপৰ পিতৃসকলে যিহোৱাৰ আজ্ঞা পালন কৰি বাধ্যতাৰ যি পথত গমণ কৰিছিল, তেওঁলোকে সেই পথত নচলিলে আৰু অচিৰেই সেই পথৰ পৰা আঁতৰি গ’ল।