Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 6:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 6:16
12 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি, তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।


সেই অৱস্থাৰ কাৰণে লোকসকলে মোচিক দোষ ধৰি ক’লে, “আমাক খাবলৈ পানী দিয়ক।” মোচিয়ে তেওঁলোকক ক’লে, “আপোনালোকে মোৰে সৈতে কিয় বিবাদ কৰিছে?” যিহোৱাক আপোনালোকে কিয় পৰীক্ষা কৰিছে?”


মোচিয়ে সেই ঠাইৰ নাম মচ্ছা আৰু মিৰীবা ৰাখিলে। কাৰণ সেই ঠাইতে ইস্ৰায়েলী লোকসকলে অভিযোগ কৰিছিল, আৰু “যিহোৱা আমাৰ মাজত আছে নে নাই?” এই কথা কৈ যিহোৱাৰ পৰীক্ষাৰ কৰিছিল।


সেই ঠাইৰ নাম মিৰীবা [বিবাদ] ৰাখিলে; কিয়নো ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰে সৈতে বিবাদ কৰিলে; আৰু তেওঁ তেওঁলোকৰ মাজত পবিত্ৰ হ’ল।


যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।”


তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।”


তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ।


লেবীৰ বিষয়ে মোচিয়ে ক’লে, “লেবী, তোমাৰ ভক্তৰ লগত তোমাৰ তুম্মীম আৰু উৰীম আছে; মচ্ছাত তুমি যাৰ পৰীক্ষা কৰিছিলা, মিৰীবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন