7 মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল।
ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।”
বৃদ্ধ হৈ অহাৰ কাৰণে ইস্ৰায়েলৰ চকু দুৰ্ব্বল হৈ পৰিছিল, সেয়ে তেওঁ ভালদৰে দেখা পোৱা নাছিল। পাছত যোচেফে তেওঁলোকক তেওঁৰ ওচৰলৈ লৈ আহিল, তেতিয়া তেওঁ তেওঁলোকক চুমা খালে, আৰু সাবট মাৰি ধৰিলে।
ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।
তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।
তেওঁলোকে যেতিয়া ফৰৌণৰ লগত কথা পাতিছিল, তেতিয়া মোচিৰ আশী বছৰ আৰু হাৰোণৰ তিৰাশী বছৰ বয়স হৈছিল।
যেতিয়া মোচিৰ বয়স প্রায় চল্লিশ বছৰ, তেতিয়া তেওঁ নিজৰ ইস্ৰায়েলী ভাই সকলক চাবলৈ মন কৰিলে।
এনেদৰে চল্লিশ বছৰ পূর্ণ হ’ল। চীনয় পৰ্বতৰ ওচৰৰ অৰণ্যত এক জ্বলন্ত জোপোহাৰ শিখাৰ মাজত ঈশ্বৰৰ দূতে তেওঁক দর্শন দিলে।
মোচিয়ে মিচৰ দেশত, লোহিত সাগৰত আৰু মৰুভুমিৰ মাজত চল্লিশ বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু আচৰিত চিন দেখুৱাই তেওঁলোকক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।
“মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।