Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 33:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়, তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে; তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব, এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব; এইদৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 33:17
27 পৰস্পৰ সংযোগসমূহ  

কিন্তু এই কথাত তেওঁৰ পিতৃ অমান্তি হ’ল আৰু ক’লে, “মোৰ পুত্ৰ মই জানো; মই জানিছোঁ। তেৱোঁ এক জাতি হ’ব আৰু এৱোঁ মহান হ’ব, তথাপিও ইয়াৰ সৰু ভায়েক হ’লে, ইয়াতকৈয়ো মহান হ’ব, আৰু তেওঁৰ বংশই জাতি সমূহৰ মাজত বৃদ্ধি হৈ যাব।”


বিশেষকৈ কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ কাৰণে লোহাৰ শিং এজোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ‘ইয়াৰ দ্বাৰাই তুমি অৰামীয়াসকলক সম্পূৰ্ণৰূপে সংহাৰ নকৰালৈকে তেওঁলোকক ইয়াৰে খুচি থাকিবা’।”


মনচিৰ আধা জাতিৰ পৰা ওঠৰ হাজাৰ নামজ্বলা লোক আছিল, এওঁলোকে দায়ূদক ৰজা পাতিবলৈ আহিছিল।


ইচাখৰৰ পৰা দুশ প্ৰধান লোক আছিল। এওঁলোকে সেই সময়ৰ সকলো কথা জানিছিল আৰু ইস্ৰায়েলে কি কৰা উচিত, সেই বিষয়েও তেওঁলোকে জানিছিল। তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে আজ্ঞাৰ অধীনত আছিল।


ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।


যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।


মনচিৰ আধা গোষ্ঠীৰ লোকসকলে বাচান দেশৰ পৰা বাল-হৰ্মোন, আৰু চনীৰলৈকে বাস কৰিছিল।


কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ বাবে লোহাৰ শিং এযোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে:ইয়াৰ দ্বাৰাই আপুনি অৰামীয়াসকলক সংহাৰ নকৰালৈকে খুচি থাকিব।”


সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা।


তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়; চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।


আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।


গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড;


কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।


তেওঁলোকৰ সৈতে ভতৰা গৰুও হত্যা কৰা হ’ব আৰু কম বয়সীয়া ভতৰা গৰুৰ সৈতে বুঢ়া গৰুও। তেওঁলোকৰ দেশ তেজেৰে মাতাল হ’ব, আৰু তেওঁলোকৰ ধুলি চর্বিৰে চর্বিযুক্ত হ’ব।


তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা!


মই দেখিলোঁ সেই মেৰ-ছাগে পশ্চিম, উত্তৰ, আৰু দক্ষিণ ফাললৈ খুন্দিয়াই আছিল; তাৰ আগত আন কোনো জন্তু থিয় হ’ব নোৱাৰিলে। তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ মাজত কোনো নাছিল; তাৰ যি ইচ্ছা গৈছিল তাকে কৰি অাছিল, আৰু সি পৰাক্রমী হৈ উঠিছিল।


মই ইফ্ৰয়িমক জানো; ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই; হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা; ইস্ৰায়েল অশুচি হ’ল।


হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা; অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।


যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।


ঈশ্বৰে মিচৰ দেশৰ পৰা তেওঁলোকক আনিছে। তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।


ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে; তেওঁৰ বল মেঠনৰ বলৰ নিচিনা। তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব, আৰু তেওঁলোকৰ হাড় গুড়ি কৰিব, আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব।


এইসকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোকসকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।


ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।


তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷”


পৰ্ব্বতীয়া দেশটোও আপোনালোকৰ হ’ব৷ যদিও সেই ঠাই বনাঞ্চল, তথাপি আপোনালোকে সেই ঠাই পৰিষ্কাৰ কৰক আৰু তাৰ দূৰ সীমালৈ থকা সকলো অঞ্চলৰ অধিকাৰী হওঁক৷ যদিও কনানীয়াসকলৰ লোহাৰ ৰথ আছে আৰু তেওঁলোক শক্তিশালী, তথাপি আপোনালোকে তেওঁলোকক খেদি পঠিয়াই আতৰ কৰিব পাৰিব৷”


হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “মোৰ মনে যিহোৱাত আনন্দ কৰিছে; মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন