Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 33:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা, তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা; তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া;। তেওঁক ঘিণাওঁতাসকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।”

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 33:11
18 পৰস্পৰ সংযোগসমূহ  

আৰু তেওঁলোকে দিন সম্পূৰ্ণ হ’লে, অষ্টম দিনা আৰু তাৰ পাছত পুৰোহিতদকলৰ যজ্ঞ-বেদিটোত তোমালোকৰ হোম বলি আৰু তোমালোকৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; তাতে, প্ৰভু যিহোৱাই কৈছে, “মই তোমালোকক গ্ৰহণ কৰিম।”


হে মহাৰাজ অৰৌণাই মহাৰাজক এই সকলোকে দিছে।” অৰৌণাই ৰজাক পুনৰ ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাই আপোনাক গ্ৰহণ কৰক।”


এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।


যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”


নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক, তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱা জনক তুচ্ছ কৰা।


হায় হায়, হে মোৰ মাতৃ! সমস্ত পৃথিৱীত বিবাদ আৰু কন্দল কৰাকৈ তুমি মোক প্ৰসৱ কৰিলা। মই কাকো সুতলৈ ধাৰ দিয়া নাই, বা মোকো কোনেও সুতলৈ ধাৰ দিয়া নাই; তথাপি সকলোৱে মোক শাও দিয়ে।


যিবোৰে গোচৰত মানুহক অপৰাধী পাতে, নগৰৰ দুৱাৰত প্ৰতিবাদী জনলৈ ফান্দ পাতে, আৰু মিছা কথাৰে ধাৰ্মিকৰ ন্যায় দূৰ কৰে, সেই সকলোকে উচ্ছন্ন কৰা হৈছে।


তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)


লেবীসকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়, ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়; তোমাৰ আগত ধূপ জ্বলায়, যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে।


বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, “যিহোৱাই যাক প্রেম কৰে, বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”


মোৰ তাড়নাকাৰীসকলে লাজ পাওঁক, কিন্তু মোক হ’লে লাজ পাবলৈ নিদিবা। তেওঁলোক হ’লে ব্যাকুল হওঁক, কিন্তু মোক হ’লে ব্যাকুল হবলৈ নিদিবা। তেওঁলোকৰেই ওপৰত বিপদৰ দিন ঘটোৱা, আৰু দুগুণ সংহাৰেৰে তেওঁলোকক সংহাৰ কৰা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন