37 তেওঁ তেতিয়া ক’ব, “তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে? ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?
মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা।
ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব।
যি জনাৰ অগ্নি চিয়োনত, আৰু যি জনাৰ অগ্নিকুণ্ড যিৰূচালেমত আছে, সেই যিহোৱাই কৈছে, তেওঁলোকে ভয়াবহ অৱস্হাৰ কাৰণে আত্মবিশ্বাস হেৰুৱাব, আৰু তেওঁলোকৰ সেনাপতিসকলে যিহোৱাৰ যুদ্ধৰ নিচানলৈ ভয় কৰিব।”
তেতিয়া যিহূদাৰ নগৰবোৰৰ লোকে আৰু যিৰূচালেম নিবাসীসকলে গৈ, তেওঁলোকে ধূপ জ্বলোৱা দেৱতাবোৰৰ আগত কাতৰোক্তি কৰিব, কিন্তু সেইবোৰে তেওঁলোকৰ আপদৰ সময়ত তেওঁলোকক সমূলি ত্ৰাণ কৰিব নোৱাৰিব।
তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক; কিয়নো হে যিহূদা, তোমাৰ যিমান নগৰ, সিমান তোমাৰ দেৱতা আছে।
আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।”