Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 32:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে; ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 32:16
20 পৰস্পৰ সংযোগসমূহ  

যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।


কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।


যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;


নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।


তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।


ভ্রষ্টাচাৰ পাহাৰৰ দক্ষিণে যিৰূচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল, সেইবোৰক যোচিয়াই অপবিত্র কৰিলে। ইস্রায়েলৰ ৰজা চলোমনে চীদোনীয়াসকলৰ ঘৃণ্য দেৱী অষ্টাৰেতৰ কাৰণে, মোৱাবীয়াসকলৰ ঘৃণ্য দেৱতা কমোচৰ কাৰণে আৰু অম্মোনৰ লোকসকলৰ ঘৃণ্য দেৱতা মিল্কমৰ কাৰণে এই সকলো ওখ ঠাইৰ মঠবোৰ তৈয়াৰ কৰিছিল।


এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।


তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।


ময়েই প্ৰচাৰ কৰিলোঁ, ময়েই পৰিত্ৰাণ কৰিলোঁ, আৰু ময়েই ঘোষণা কৰিলোঁ; আৰু আন কোনো দেৱতা তোমালোকৰ মাজত নাই; যিহোৱাই কৈছে, “তোমালোকে মোৰ সাক্ষী, আৰু মইয়েই ঈশ্বৰ;


যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল? কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে।


তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হবলৈ, আৰু ডিঙিৰ নলী শুকান হবলৈ নিদিবা। কিন্তু তুমি কৈছা, “ইয়াত আশা নাই, সমূলি নাই; কিয়নো মই বিদেশীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰেই পাছত চলিম!”


মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয়-নৈবেদ্য উৎসৰ্গ কৰিবলৈ লৰা-ছোৱালীসকলে খৰি বোটলে, বাপেকহঁতে জুই জ্বলাই, আৰু মহিলাসকলে মৈদা খচে।


চোৱা! অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাতৰোক্তিৰ স্বৰ শুনা গৈছে। যিহোৱা চিয়োনত নাই নে? তাৰ ৰজা তাৰ ভিতৰত নাই নে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে?


তেতিয়া তেওঁ হাত এখনৰ আকৃতিৰে মোৰ মূৰৰ চুলি ঢুকি পোৱাকৈ ধৰিলে; সেই আত্মাই মোক ওপৰলৈ দাঙি নিলে আৰু ঈশ্বৰীয় দৰ্শনত যিৰূচালেমত, যি ঠাইত অন্তৰ্জ্বালাজনক অহঙ্কাৰী-মূৰ্ত্তিটো স্থাপিত হৈ আছিল, সেই ঠাইৰ উত্তৰ দিশে থকা ভিতৰ-চোতালৰ প্রৱেশ কৰা পথত, পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ আহিল।


কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিণলগীয়া কৰ্ম কৰাত সেই দেশ অশুচি হ’ল।


নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?


যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।


সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।


আপোনালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিব; আপোনালোক যেন ফান্দত নপৰে, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিব আৰু তাক নিজৰ কাৰণে নল’ব; কিয়নো সেইবোৰ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন