দ্বি.বি. 31:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20193 আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই আপোনালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ আপোনালোকৰ আগেয়ে পাৰ হৈ যাব। অধ্যায়টো চাওক |
আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী।
কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে, আপোনালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিব।