Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 31:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 যি সময়ত ইস্ৰায়েলীয়া সকলো লোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া আপোনালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 31:11
17 পৰস্পৰ সংযোগসমূহ  

যিহূদা আৰু যিৰূচালেমৰ সকলো লোকক, পুৰোহিত আৰু ভাববাদীসকলক, সাধাৰণ লোকৰ পৰা গণ্যমান্য ব্যক্তি সকলোকে লগত লৈ ৰজা যিহোৱাৰ গৃহলৈ গ’ল। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহত যি বিধান পুস্তকখন পোৱা গৈছিল, তাৰ সকলো কথা লোকসকলক পঢ়ি শুনালে।


কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব।


মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।


কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।


তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷”


যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।


তেওঁলোকে নিজৰ ঠাইত থিয় হ’ল, আৰু দিনৰ চাৰিভাগৰ এভাগ সময় তেওঁলোকে ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা পুস্তক খন পাঠ কৰিলে, আৰু দিনৰ চাৰিভাগৰ আন এভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰণিপাত কৰি পাপ স্বীকাৰ কৰিলে।


তাৰ পাছত দ্বিতীয় দিনা সকলো লোকৰ পিতৃ বংশৰ মূল লোক, পুৰোহিত, আৰু লেবীয়াসকলে ব্যৱস্থা পুস্তকৰ বাক্য গভীৰ ভাবে বুজিবলৈ ইজ্ৰা অধ্যাপকৰ ওচৰলৈ আহি গোট খালে।


ইজ্ৰাই প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতি দিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব্ব পালন কৰিলে; আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্ম-সভা পালন কৰিলে।


তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।


কিন্তু আপোনালোকৰ ফৈদৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিব আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিব।


তেওঁ যি সকলো বিধি, নির্দেশ, বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন